পৃষ্ঠাসমূহ :

দু-আষাৰ

*"ৰাণী চলন্তিকা" হৈছে ৰাণী অঞ্চলৰ প্ৰথম সমূহীয়া ব্লগ তথা অঞ্চলটোৰ প্ৰথম চলন্ত অনলাইন আলোচনী ৷ এই ৱেবছাইটটো ৰাণীৰ সৰ্বাঙ্গীন বিকাশৰ নামত উৎসৰ্গিত ৷ ইয়াত থাকিব ৰাণী সম্পৰ্কীয় বিভিন্ন কথা, বা-বাতৰি, ফটো, ভিডিঅ' তথা অন্যান্য ৷ লগতে থাকিব ৰাণীৰ লেখক-লেখিকাসকলৰ সাহিত্য-কৰ্ম, চিত্ৰকৰ্ম আদি ৷ তদুপৰি এই ব্লগটো অঞ্চলটোৰ প্ৰতিভা বিকাশৰ কাম আগবঢ়াই লৈ যাবলৈ সংকল্পৱদ্ধ ৷

*ৰাণী অঞ্চলটোক অসমৰ প্ৰেক্ষাপটত উজলাই তোলাৰ প্ৰয়াসেৰে এই যাত্ৰা ৷ সম্প্ৰতি বিভিন্ন দিশত পিছ পৰি থকা, প্ৰগতিৰ পথেৰে তুলনামূলকভাৱে ধীৰ গতিৰে আগবঢ়া এই বৃহত্তৰ ৰাণী অঞ্চলটোত প্ৰাকৃতিক সম্পদৰ যিদৰে অভাৱ নাই, সেইদৰে অভাৱ নাই ভিন্নধৰ্মী প্ৰতিভাৰ ৷ প্ৰয়োজন মাথো সেইবোৰৰ যথোপযুক্ত আৰু সময়োপযোগী ব্যৱহাৰৰ ৷ অঞ্চলটোৰ বহুমুখী প্ৰতিভা বিকাশৰ বাবে এক মঞ্চ তৈয়াৰ কৰাই হৈছে ব্লগটোৰ মূল লক্ষ্য ৷ আশা কৰোঁ "ৰাণী চলন্তিকা" এসময়ত এক বিৰাট আন্দোলনলৈ ৰূপান্তৰিত হ'ব ৷ আজি যিজোপা গছপুলি ৰোপণ কৰা হ'ল, সি এদিন পত্ৰে-পুষ্পে বিকশিত হৈ পৰিব নিশ্চয় ৷
*আহক আপুনিও এই যাত্ৰাৰ অংশীদাৰ হওক ৷ ব্লগটোত আপুনিও ৰাণী সম্পৰ্কীয় যিকোনো কথা-বতৰা, বা-বাতৰি, ফটো, ভিডিঅ' আদি তথা অন্যান্য লেখনি, চিত্ৰ আদি পোষ্ট কৰিব পাৰে ৷ নাইবা আপুনি এই যাত্ৰাত সহযোগিতা আগবঢ়াই যাব পাৰে বিভিন্ন পোষ্টসমূহত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি, মন্তব্য প্ৰকাশ কৰি তথা অন্যান্য ধৰণে ৷ এই ক্ষেত্ৰত তলৰ কথাকেইটা মন কৰিবলগীয়া :
(ক) আপোনাৰ ব্ৰাউজাৰত এই এড্ৰেছ্-টোলৈ যাওক-  http://ranitqp.blogspot.in/
(খ) Mobile Version-ত বৰ বেছি সুবিধা নাপাব পাৰে, অৱশ্যে পঢ়ি চাব পাৰে ৷ Web Version-ত হে সকলোবোৰ সুবিধা লাভ কৰিব পাৰিব ৷ গতিকে Computer ব্যৱহাৰ কৰি ব্লগটোলৈ গ'লে ভাল ৷
(গ) আপোনাৰ gmail account থাকিলে ভাল ৷ নাথাকিলেও খুব সহজতে খুলি ল'ব পাৰিব : এয়া ভৱিষ্যতেও সহায়ক হ'ব ৷
(ঘ) Blog-টো পঢ়ি চাওক ৷ ব্লগটো মূল্যায়ন কৰক আপোনাৰ ভোটেৰে ৷ ব্লগটো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, ই-মেইল লাভ কৰক বা যোগাযোগ কৰক ৷
(ঙ) ব্লগটোৰ সদস্য হৈ লওক- ব্লগটোত Join কৰি ৷ ব্লগটোৰ সহযাত্ৰী হোৱাৰ গৌৰৱ অৰ্জন কৰক ৷
(চ) ব্লগটো সম্পৰ্কে আপোনাৰ মন্তব্য প্ৰকাশৰ বাবে "দু-আষাৰ" পৃষ্ঠালৈ আহক ৷
(ছ) ব্লগ পোষ্টসমূহত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰক, মন্তব্য দিয়ক বা শ্বেয়াৰ কৰক ৷
(জ) আপোনাৰ ই-মেইল এড্ৰেছলৈ লেখক হিচাপে Invite কৰি মেছেজ পঠিওৱা হ'ব (যদিহে আপোনাৰ ই-মেইল এড্ৰেছটো জানিবলৈ দিয়ে) ৷ উক্ত মেছেজটো খুলি Accept লিংক-টোত ক্লিক্ কৰি ব্লগটোৰ এগৰাকী লেখক বা লেখিকা হোৱাৰ গৌৰৱ অৰ্জন কৰক ৷
(ঝ) ব্লগটোত আপুনি ৰাণী সম্পৰ্কীয় যিকোনো কথা-বতৰা, বা-বাতৰি, ফটো, ভিডিঅ' আদি তথা অন্যান্য লেখনি, চিত্ৰ আদি বিনাদ্বিধাই পোষ্ট কৰিব পাৰে ৷
(ঞ) যদিহে আপুনি ব্লগটোত প্ৰত্যক্ষভাৱে লিখিব বা পোষ্ট কৰিব নোৱাৰে, তেতিয়া হ'লে Facebook-ৰ RANI (ৰাণী), RANI - 'The Queen Palace', RANI(Kapili the picnic place) আৰু ANURANAN (অনুৰণন) - এই Groups-কেইটাত আপোনাৰ লেখনি (বিভিন্ন ধৰণৰ), ৰাণী সম্পৰ্কীয় কথা-বতৰা, ফটো আদি পোষ্ট কৰিব পাৰে ৷ তাৰপৰা উপযুক্ত বুলি বিবেচিত লেখনি, ফটো আদি "ৰাণী চলন্তিকা"-ত প্ৰকাশ কৰা হ'ব : তাত মূল লেখক-লেখিকাৰ নাম আদি দিয়া হ'ব ৷
(ট) আপুনি আপোনাৰ লেখনি, ফটো আদি ranitqp@gmail.com - এই এড্ৰেছতো মেইল কৰি দিব পাৰে ৷
(ঠ) আপুনি "ৰাণী চলন্তিকা" ব্লগটো সম্পৰ্কে প্ৰচাৰ কৰিব পাৰে ব্যক্তিগতভাৱে ৷ এয়া আমাৰ সকলোৰে বাবে খুবেই সহায়ক হ'ব ৷

*"ৰাণী চলন্তিকা"-লৈ আপোনাক স্বাগতম জনালোঁ ৷ - (Rani TQP : Rani the Queen Palace)...

 

 

ব্লগটো সম্পৰ্কে আপোনাৰ মন্তব্যসমূহ তলত প্ৰকাশ কৰক :

No comments:

Post a Comment