পৃষ্ঠাসমূহ :

Showing posts with label বাৰ্তা. Show all posts
Showing posts with label বাৰ্তা. Show all posts

Monday, 6 January 2014

##

যোৱা ২৯ ডিচেম্বৰ, ২০১৩ ইং তাৰিখ ৰবিবাৰে মুক্তি পালে ৰাণীৰ সন্তান অংকুৰ তনয় (বিশ্বজিৎ বড়ো)-ৰ প্ৰথম শ্ৰাৱ্য চিডি "তুমি কাষত থাকিলে" ৷ "তুমি কাষত থাকিলে"-ৰ সহ-কণ্ঠশিল্পী নৱ প্ৰজন্মৰ বুকুৰ আপোন বৰ্ণালী কলিতা ৷
প্ৰযোজক : কুশল বড়ো (গোঁসাইহাট)
সংগীত পৰিচালক : কুশল কলিতা
গীতিকাৰ : কুশল বড়ো
ট্ৰেককেইটা হৈছে : (১) তুমি কাষত থাকিলে (অংকুৰ তনয়), (২) লাহী পাহি (অংকুৰ তনয়), (৩) পিয়লা (বৰ্ণালী কলিতা), (৪) দিয়া দিয়া (অংকুৰ তনয়), (৫) গুণ গুণ (বৰ্ণালী কলিতা আৰু অংকুৰ তনয়) আৰু (৬) তুমি কাষত থাকিলে- থীম ছং (অংকুৰ তনয়) ৷

২৯ ডিচেম্বৰত চানডুবিৰ পাৰত এলবামটো উন্মোচন কৰিলে লোকগীতৰ ওজা, আমাৰ স্থানীয় শিল্পী (মাঝকুছিৰ) বংশীধৰ দাস আৰু জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে ৷ অনুষ্ঠানটো খুবেই উপভোগ্য আছিল ৷ বনভোজ খাবলৈ অহা লোকেৰে ভৰি পৰিছিল অনুষ্ঠানটো ৷
কেছেটখনক লৈ আৱেগিক হৈ পৰিছিল অংকুৰ তনয় ৷
অৰিজিনেল চিডি ক্ৰয় কৰি পাইৰেচী প্ৰতিৰোধ কৰক

##

'কপিলী'-ত এতিয়া বনভোজযাত্ৰীৰ ভিৰ ৷ সুন্দৰ পৰিৱেশত সতেজ মন-প্ৰাণ ৷
*ৰাণীৰ 'কপিলী'ক এক উন্নত সা-সুবিধাৰ পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰিব পাৰি ৷
*চানডুভি মেলাৰ নিচিনাকৈ 'কপিলী মেলা' (Kapili Festival) পাতিব নোৱাৰিনে বাৰু ?